বোকাজানত পথৰ দাঁতিত বাগৰি পৰিল সুৰাভৰ্তি ট্ৰাক…

156

কমলাৰ তলত লুকাই গোপনে সৰবৰাহৰ চেষ্টা চলোৱা এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হয় বোকাজানত।

শনিবাৰে পুৱা ঘন কুঁৱলীৰ বাবে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত সৰিয়হজানৰ সমীপৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01DC 7761।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অৰুণাচলী সুৰাখিনি গোপনে নাগালেণ্ডলৈ সৰবৰাহ কৰা হৈছিল।

প্ৰায় ৪০০ কাৰ্টন সুৰা লুকুৱাই আনিছিল কমলাৰ তলত।

পৰৱৰ্তী সময়ত বোকাজানৰ আৰক্ষী লগতে আবকাৰী বিভাগ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সুৰাৰ লগতে দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনো নিজৰ জিম্মাত লয়।

দুৰ্ঘটনাৰ পাছত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।