বোকাজানত তেলৰ টেংকাৰত ভৰাই সৰবৰাহ কানিৰ, দুজনক আটক

61

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত নিয়মীয়া তালাচীত বুধবাৰে উদ্ধাৰ ৩০ কেজি কানি। NL01G 9867 নম্বৰৰ এখন তেলৰ টেংকাৰত ভৰাই কানিখিনি সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে কানি খিনি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে টেংকাৰখনৰ চালক প্ৰেম চেপৰা আৰু খেমৰাজ ৰিজালক আটক কৰি খটখটি থানাত সোধা পোছা অব্যাহত ৰাখিছে। জানিব পৰা মতে, মণিপুৰৰ পৰা অসমলৈ বিক্ৰী কৰিবলৈ আনিছিল কানিখিনি।