বোকাজানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

62

মঙলবাৰে বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বোকাজানৰ ডিলাই থানাৰ অন্তৰ্গত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰে। ধৃত সৰবৰাহকাৰী জনৰ নাম আচৰ আলী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, ড্ৰাগছ সৰবৰাহকাৰীজনে ৩১ টা চাবোনৰ ভিতৰত ভৰাই প্ৰায় ৩৭১ গ্ৰাম ওজনৰ ড্ৰাগছখিনি ডিমাপুৰৰ পৰা আনি মৰিগাঁও অভিমুখে গৈ আছিল। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ইফালে বছৰৰ প্ৰথম মাহটোতে এনেদৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন লোকসকলে।