বোকাজানত আৰক্ষীৰ অভিযানত জব্দ ৰাইফলসহ সজীৱ গুলী…

197

বোকাজানঃ বোকাজানত স্থানীয় আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে দুটা ৰাইফল আৰু সজীৱ গুলী উদ্ধাৰ কৰে।

খবৰ অনুসৰি কাৰ্বি আংলং জিলাৰ বোকাজানৰ লালমাটিত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এই অভিযান চলাইছিল।

বিষয়াসকলে জনোৱা মতে, অভিযানৰ সময়ত দুটা এছ বি বি এল ৩২ পাউণ্ডাৰ ৰাইফলৰ লগতে ৯ জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, বাহাদুৰ গুৰুঙৰ বাসগৃহত অভিযান চলোৱাৰ সময়তে অস্ত্ৰ-শস্ত্ৰ আৰু গুলীখিনি উদ্ধাৰ হয়।

বিষয়াসকলে আৰু কয় যে নগা দুষ্ট চক্ৰটোৱে চিকাৰৰ উদ্দেশ্যে ৰাইফল আৰু গুলীবোৰ ৰাখিছিল।

ইফালে এই গোচৰৰ সৈতে জড়িত তদন্ত আৰম্ভ কৰিছে বোকাজান আৰক্ষীয়ে।