কাৰ্বি আংলঙৰ বোকাজানত বুধবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে এটা পিষ্টল, এটা মেগজিন আৰু চাৰি জাঁই সজীৱ গুলীসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বোকাজানৰ মাধৱপুৰৰ অমুছানা সিং নামৰ লোকজনৰ ঘৰত অভিযান চলাই মৰণাস্ত্ৰ জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অমুছানা সিংক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
