বৈঠালাংছ’ৰ ভেলাপাৰাত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ

72

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত ভেলাপাৰাত নগদ ২ লাখ টকা  উদ্ধাৰ  ৷  AS-02AA-3695 নম্বৰৰ এখন কলা ৰঙৰ এল্ট গাড়ীৰ পৰা এই টকাখিনি উদ্ধাৰ ৷  ইনামুদ্দিন নামৰ ব্যক্তিগৰাকীৰ পৰা এই ধনখিনি উদ্ধাৰ ৷ তাজ উদ্দিন নামৰ এগৰাকী ঠিকাদাৰে বৈঠালাংছ’লৈ ৰোগী চিকিৎসাৰ বাবে এই ধনখিনি প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে  ৷ ২ লাখ টকাৰ উদ্ধাৰৰ লগতে ৰাজমিস্ত্ৰী ব্যৱহৃত কুঠাৰ, কৰত, দা আৰু অনান্য সামগ্ৰীও উদ্ধাৰ কৰা হয় ৷