বেগমপুৰাত আৰক্ষীৰ অভিযান, ৪ অপৰাধী আহত

51

ডিজিটেল ডেস্কঃ দিল্লীৰ বেগম পুৰা এলেকাত বৃহস্পতিবাৰে পুৱাই আৰক্ষীৰ অভিযানত ৪ জন অপৰাধী আহত হয়। পুৱা আৰক্ষীয়ে অপৰাধী কেইজনৰ বিৰুদ্ধে অঞ্চলটোত অভিযান চলাইছিল।

এই অভিযানকালত আৰক্ষীৰ প্ৰতি লক্ষ্য কৰি বিভিন্ন ক্ষেত্ৰত অপৰাধ সংঘটিত কৰা অপৰাধীৰ দলটোৱে গুলীবৰ্ষণ কৰে। তাৰ প্ৰত্যুত্তৰ দিয়ে দিল্লী আৰক্ষীয়েও। যাৰ ফলত অপৰাধী কেইটা আহত হয়। ইফালে আহত অপৰাধী কেইটাৰ পৰা তিনিটা বুলেটপ্ৰুফ জেকেট, বুলেটপ্ৰুফ হেলমেট, ৭০ জাই কাৰ্টিজ, ৬টা পিষ্টল জব্দ কৰে আৰক্ষীয়ে।