এক চাঞ্চল্যকৰ কাণ্ডত অসমৰ এগৰাকী ৩৬ বছৰীয়া মহিলাই কৰ্ণাটকৰ বেংগালুৰুত তীব্ৰ কাজিয়াৰ সময়ত প্ৰেমিকক ছুৰীৰে আঘাত কৰাৰ অভিযোগ সোমবাৰে প্ৰকাশ পাইছে।
খবৰ অনুসৰি জিন্টু দাস নামৰ মহিলাগৰাকী আৰু ভুক্তভোগী যোগেশ (৩৫)ৰ মাজত কাজিয়াত লিপ্ত হয় আৰু পিছত তীব্ৰ ক্ষোভত মহিলাগৰাকীয়ে ব্যক্তিজনক ছুৰীৰে আঘাত কৰে, যাৰ ফলত তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হয়। সমগ্ৰ ঘটনাটো ২১ জুলাইত সংঘটিত হৈছিল বিবেকনগৰ অঞ্চলত।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত চুবুৰীয়াই সেই স্থানত উপস্থিত হৈ ততাতৈয়াকৈ ছেইণ্ট জন হাস্পতাললৈ লৈ যায় য’ত চিকিৎসকে তেওঁৰ অৱস্থা পৰীক্ষা কৰি সংকটজনক বুলি দাবী কৰে।
ইফালে, জিণ্টুৱে অপৰাধ সংঘটিত কৰাৰ পিছত নিজৰ গৃহ ৰাজ্যলৈ পলায়নৰ চেষ্টা কৰে যদিও পলায়ন কৰাৰ আগতেই দেওবাৰে বেংগালুৰু চহৰৰ আৰক্ষীয়ে তেওঁক উইলছন গাৰ্ডেনৰ আত্মীয়ৰ ঘৰৰ পৰা আটক কৰে।
অভিযুক্তৰ বিৰুদ্ধে বিবেকনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে আৰু তাৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
জানিব পৰা মতে, তিনিবছৰ পূৰ্বে স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত জিন্তুৱে জীয়েকৰ সৈতে জিগনীত থাকি ডেকেয়াৰ চেণ্টাৰত কৰ্মৰত আছিল।
জিন্টু আৰু এপাৰ্টমেণ্ট কমপ্লেক্সৰ চকীদাৰ যোগেশে ২০২১ চনত পাৰস্পৰিক বন্ধুৰ জৰিয়তে লগ পাইছিল আৰু দুবছৰ ধৰি সম্পৰ্কত আছিল আৰু এই সময়ছোৱাত মহিলাগৰাকীয়ে তেওঁক আৰ্থিকভাৱে সহায় কৰিছিল।
যোৱা কেইমাহমানত আৰ্থিক বিষয়ক লৈ দুয়োৰে মাজত উত্তেজনা উদ্ভৱ হোৱা বুলি আৰক্ষীয়ে জনাইছে আৰু লগতে কয় যে যোগেশে আন এগৰাকী মহিলাক দেখা কৰিবলৈ আৰম্ভ কৰিছিল আৰু জিণ্টুক এৰাই চলিছিল। পিছত শুকুৰবাৰে অভিযুক্তই তেওঁৰ সৈতে মুখামুখি হয় আৰু খঙত তেওঁক ছুৰীৰে আঘাত কৰে।
চৰ্চালৈ আহিছে জিন্টু আৰু যোগেশ দুয়োজনেই অসমৰ বাসিন্দা আছিল।