বেংকৰ ঋণ আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা আবু বক্কৰ চিদ্দিক

71

বেংকৰ পৰা জালিয়াতিৰে বৃহৎ পৰিমাণৰ ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নগাঁও কংগ্ৰেছৰ এজন নেতাক। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বিধায়ক নৰুল হুদাৰ ঘনিষ্ঠ হিচাপে পৰিচিত আবু বক্কৰ চিদ্দিকক দেওবাৰে জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।

জানিব পৰা মতে, বেংকৰ পৰা প্ৰায় ২৫ লাখ টকা ঋণ আদায় কৰাৰ কেলেংকাৰীত সাঙোৰ খাই পৰিছে আবু বক্কৰৰ নাম। জালিয়াতিৰে এই ধন আত্মীয়ৰ একাউণ্টত আদায় কৰাৰ অভিযোগত নগাঁও সদৰ থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত কংগ্ৰেছ নেতাজনক।

দেওবাৰে নিশা আৰক্ষীয়ে আলিটাঙনিৰ পৰা আবু বক্কৰ চিদ্দিকক কৰায়ত্ব কৰি নগাঁও সদৰ থানাত সোধপোচ কৰি আছে৷