বৃহৎ পৰিমাণৰ অবৈধ চিগাৰেটসহ দুজনক আটক

244

গুৱাহাটীঃ দেওবাৰে নিশা মেঘালয়ে আৰক্ষীয়ে অভিযান চলাই উমতিৰা চেক পইণ্টত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ চিগাৰেট জব্দ কৰাৰ লগতে দজুন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

মেঘালয় আৰক্ষীয়ে শিলচৰৰ পৰা শ্বিলং অভিমুখে গৈ থকা AS 11T 1645 নম্বৰখনত অবৈধ চিগাৰেট সৰবৰাহৰ গোপন খবৰ লাভ কৰাৰ পিছতে এক তালাচী চকী স্থাপন কৰি অভিযান চলায়।

এই অভিযানত আৰক্ষীয়ে পশ্চিম জয়ন্তীয়া পাহাৰৰ নিবাসী পিনহোই নংটুড আৰু পূব খাচী হিলছৰ নিৱাসী বাণ্টেইলাং মাইনছং নামৰ দুজন সৰবৰাহকাৰী আটক কৰে।

আৰক্ষীয়ে জব্দকৃত বাহনখনৰ পৰা ১৩ কাৰ্টন অবৈধ চিগাৰেট জব্দ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।