বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৫৪৬৮জন কোৰোনাত আক্ৰান্ত

78

ৰাজ্যত প্ৰতিদিনে ভয়াবহ হাৰত বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত অসমত পুনৰ ৫৪৬৮ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৫ জন ৰোগীৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যানুসৰি, গুৰুবাৰৰ দিনটোত কামৰূপ মহানগৰত ১১৭৩ জন, ডিব্ৰুগড়ত ৪৫২ জন, কামৰূপ গ্ৰাম্যত ৪৩১ জন আৰু নগাঁৱত ৩৩২ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১৫৫৫৪জনলৈ পাইছে বৃদ্ধি। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪২১৯জন লোক।