বৃহস্পতিবাৰে দ্বিতীয় বিবাহপাশত আৱদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান…

82

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ ৬ বছৰ পিছত মাতৃ আৰু ভগ্নীৰ পছন্দৰ কইনাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকী।

জানিব পৰা মতে, বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া বিবাহ অনুষ্ঠানত পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু আত্মীয়-স্বজন উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনতে অনুষ্টুপীয়াকৈ এই বিবাহখন সম্পন্ন হ’ব।

ইফালে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিবাহ অনুষ্ঠানৰ সময়ত উপস্থিত থাকিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালও।

উল্লেখ্য যে, ৬ বছৰ পূৰ্বে মানৰ প্ৰথম বিবাহৰ অন্ত পৰিছিল। ২০১৫ চনৰ মাৰ্চ মাহত ভগৱন্ত মান আৰু তেওঁৰ প্রথমা পত্নী ইন্দ্ৰপ্ৰীত কৌৰে পাৰস্পৰিক সন্মতি সাপেক্ষে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।

বৰ্তমান ইন্দ্ৰপ্ৰীত কৌৰে দুই সন্তান ক্ৰমে সীৰত কৌৰ (২১) আৰু দিলচান মান (১৭)ৰ সৈতে আমেৰিকাত পৃথকে থাকে। ভগৱন্ত মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ বিশেষ দিনটোত উপস্থিত আছিল তেওঁৰ দুই সন্তানো।

খবৰ অনুসৰি, মুখ্যমন্ত্ৰী মানে বিবাহ পাশত আৱদ্ধ হ’বলগীয়া কইনা গৰাকীৰ নাম হৈছে ডা০ গুৰপ্ৰীত কৌৰ। মানৰ মাতৃ আৰু ভগ্নীয়েই তেওঁৰ বাবে পচন্দ কৰিছে কইনা।