বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজে নিৰ্মাণ কৰিলে বৃহৎ নাওঁ

224

বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজে নিৰ্মাণ কৰিলে বৃহৎ নাওঁ। প্ৰতিযোগিতাত অৱতীৰ্ণ হব পৰাকৈ নিৰ্মান কৰিছে নাওঁ। কলগাছিয়া, আমগুৰি, সুঁতিৰপাথাৰ গাঁৱত এতিয়া আনন্দৰ জোৱাৰ। বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূব কলগাছিয়া গাঁওত নিৰ্মাণ কৰা হৈছে ১১০ ফুট দীঘল এক বিশাল নাওঁ। উল্লেখযোগ্য যে এক পৰম্পৰাগত নাওঁ খেলৰ লগত সংগতি ৰাখি বৃহত্তৰ কলগাছিয়াৰ ৰাইজে নিৰ্মাণ কৰে এই নাওঁ খন। ৰাইজৰ মূখে মূখে এতিয়া পৰম্পৰাগত নাওঁ খেলৰ গীত। প্ৰায় ১২ দিন জুৰি কেইবাজনো নাওঁ নিৰ্মানকাৰী মিস্ত্ৰী আৰু ৰাইজৰ প্ৰচেষ্টাত নাওঁখন আজি সম্পুৰ্ণ হৈ উঠে আৰু এই প্ৰতিযোগিতামূলক নাওঁখনক “জলপৰি এক্সপ্ৰেছ” নামেৰে নামাকৰণ কৰা হৈছে। আজি পুৱাৰ ভাগত নাওঁখন আমগুৰি বেকী নদীত নমাই শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ মণ্ডলে। বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজে উলহ মালহেৰে নাওঁ চাবলৈ আহে। উক্ত অনুষ্ঠানত কেইবা হাজাৰ মানুহৰ সমাগম হয়। অহাকালি বৰপেটা জিলাৰ গৰৈমাৰীত অনুষ্ঠিত হবলগীয়া নাওঁ খেলত অংশগ্ৰহণ কৰি প্ৰথম গোটৰ প্ৰথম পুৰস্কাৰ দখল কৰিব বুলি দৃঢ়তাৰে দাবী কৰে নাওঁ নিৰ্মাণকাৰী অঞ্চলৰ ৰাইজে।