অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক এক ডাঙৰ সকাহ দি অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগে বুধবাৰ অৰ্থাৎ ২২ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈকে জিলা-অনুসৰি নিয়োগ মেলা আয়োজন কৰিছে।
প্ৰতিবেদন অনুসৰি, এই মেলাখন ৰাজ্যখনৰ এতিয়ালৈকে আটাইতকৈ সৰ্ববৃহৎ নিয়োগ মেলা হিচাপে পৰিগণিত হব।
মেট্ৰিক বা ততোধিক উত্তীৰ্ণ হোৱা সকলো নিবনুৱা যুৱক-যুৱতীয়ে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব পাৰে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে নিয়োগ মেলাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত নিজৰ CVৰ দুখন প্ৰতিলিপি লগত অনাটো বাধ্যতামূলক।
নিৰ্দিষ্ট তাৰিখত পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ চলিব এই নিয়োগ মেলা।
ৰাজ্য চৰকাৰৰ ঘোষণা অনুসৰি যিসকলে হাইস্কুল শিক্ষান্ত, আইটিআই, বিই/বিটিচি আদি উত্তীৰ্ণ হৈছে, তেওঁলোকে মেলাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য হ’ব। চৰকাৰে আশা কৰিছে যে ই ৰাজ্যৰ বাঢ়ি অহা নিবনুৱা সমস্যা হ্ৰাস কৰাত এই নিয়োগ মেলাই সহায় কৰিব।
প্ৰতিখন জিলাতে অনুষ্ঠিত হবলগীয়া এই নিয়োগ মেলাৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে নিজৰ অৰ্হতাৰ ভিত্তিত সংস্থাপন কৰিব বুলি ৰাজ্য চৰকাৰে সদৰী কৰিছে।
