বীৰাংগনা সতী সাধনীৰ জীৱনৰ আধাৰত নিৰ্মান কৰা হব এখন বিগ বাজেটৰ ছবি

103

ডিজিটেল ডেস্ক: বীৰাংগনা সতী সাধনীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হব এক বিগ বাজেটৰ ছবি। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিশ্বজিত বৰাৰ পৰিচালনাত নিৰ্মান হবলগীয়া এই ছবিখনৰ বাবদ প্ৰায় ১০ কোটি টকা ব্যয় কৰা হব। বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে চুতীয়া ছাত্ৰ সন্থাই।

এক সংবাদ মেলত চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ জীৱন দৰ্শনক সমল হিচাপে লৈ নিৰ্মান কৰিবলগীয়া ছবিখনৰ বিষয়ে জানিবলৈ দি পৰিচালক বৰাই কয় যে হিন্দী আৰু অসমীয়া ভাষাত এই বিগ বাজেটৰ ছবিখন নিৰ্মান কৰা হব। ২০২১ বৰ্ষৰ আৰম্ভণিতে ছবিখনৰ দৃশ্যগ্ৰহন আৰম্ভ কৰি ২০২২ বৰ্ষৰ নৱেম্বৰৰ ভিতৰত ছবিখন দৰ্শকৰ মাজলৈ উলিয়াই দিয়া হব বুলিও জানিবলৈ দিয়ে বিশ্বজিত বৰাই।

আনহাতে চুতীয়া ছাত্ৰ সন্থাই সদৰী কৰা মতে নিৰ্মান হবলগীয়া ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ বীৰাংগনা সতী সাধনীৰ ৰূপত দেখা পোৱা যাব দক্ষিণ কোৰিয়াৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰীক। অসমৰ লগতে মুম্বাই, হায়দৰাবাদত ছবিখনৰ দৃশ্যগ্ৰহন কৰা হব।