বিৰোধীৰ অভিযোগ নহয়, চৰকাৰী তথ্য- ৫ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ব্যয় ৫১৭ কোটি টকা

109

ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণক লৈ প্ৰায়ে চৰ্চা হৈ আহিছে। ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা নৰেন্দ্ৰ মোডীয়ে ৫৯ বাৰ বিদেশ ভ্ৰমণ কৰিছে। হয়তো ভাৰতৰ ইতিহাসত সৰ্বাধিক বিদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়েই হৈছে নৰেন্দ্ৰ মোডী।

ৰাজ্যসভাত বিৰোধী সাংসদ ফৈজিয়া খানে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত হোৱা ব্যয় সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰ দিয়ে বিদেশ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি মুৰুলীধৰণে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰী তথ্য প্ৰকাশ কৰি কয় যে ২০১৫ চনৰ পৰা প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ব্যয় কৰা হৈছে ৫১৭.৮২ কোটি টকা। এই সময়ছোৱাত নৰেন্দ্ৰ মোডীয়ে ৫৮ খন দেশ ভ্ৰমণ কৰিছে।

বিৰোধীৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ এই বিদেশ ভ্ৰমণে দেশৰ দ্বিপক্ষীয়, ক্ষেত্ৰীয় বিষয় সমূহ সম্পৰ্কে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। আনহাতে বাণিজ্য, বিনিয়োগ, উদ্যোগিক আদিৰ ক্ষেত্ৰতো নতুন দিগন্তৰ সূচনা কৰিছে। মুৰুলীধৰণে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ জৰিয়তে দেশৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাত সক্ষম হোৱাৰ লগতে চাইবাৰ নিৰাপত্তা, পৰমাণু শক্তিৰ আদিৰ দিশতো যথেষ্ট পৰিবৰ্তন আনিছে।

উল্লেখ্য যে, যোৱা ৫ বছৰত প্ৰধানমন্ত্ৰী মোডীয়ে ৫ বাৰ আমেৰিকা, ৰাছিয়া আৰু চীন ভ্ৰমণ কৰিছে। ইয়াৰোপৰিও চিংগাপুৰ, জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা আৰু ইউএই ভ্ৰমণ কৰিছে একাধিকবাৰ।