বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ

204

বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ।
উল্লেখযোগ্য যে ৮ ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে।

এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰবেশ কৰিব নোৱাৰিলেও বুধবাৰে আফগানিস্তান (Ind Vs Afghanistan)ৰ বিৰুদ্ধে এক বিৰাট অভিলেখ ৰচিলে বিৰাট কোহলিয়ে। আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে। ইয়াৰ লগে লগে কোহলিয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে।

পণ্টিঙৰ সৈতে এই মুহূৰ্তত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ দ্বিতীয় স্থানত আছে কোহলি। কোহলিৰ সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান শচীন। তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত মুঠ ১০০টা শতক অৰ্জনৰ কীৰ্তি গঢ়ি থৈছে।
উল্লেখ্য যে বিগত প্ৰায় ৩ বছৰৰ পিছত এইটো কোহলিৰ প্ৰথম শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিৰাট কোহলীয়ে ১২টা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত মুঠ ৬২টা বলত ১২২ ৰান সংগ্ৰহ কৰে আৰু ২০১৯ চনৰ নৱেম্বৰৰ পিছত এইবাৰ কোহলীয়ে প্ৰথমবাৰৰ বাবে শতক অৰ্জন কৰিবলৈ সক্ষম হয়।