বিহাৰ চৰকাৰৰ মন্ত্ৰী কপিল দেৱ কামতৰ কোভিড-১৯ত মৃত্যু

66

ডিজিটেল ডেস্কঃ কোভিড-১৯ সংক্ৰমণৰ ফলত বৃহস্পতিবাৰে মৃত্যু ঘটে বিহাৰ চৰকাৰৰ মন্ত্ৰী কপিল দেৱ কামতৰ। মধুবনীৰ বাবুবৰহীৰ বিধায়ক তথা নীতিশ কুমাৰ চৰকাৰৰ পঞ্চায়তী ৰাজমন্ত্ৰী কপিল দেৱ কামত কোভিড আক্ৰান্ত হৈ পাটনা এইমছত চিকিৎসাধীন হৈ আছিল। কিডনীৰ সমস্যাত ভুগা মন্ত্ৰীগৰাকীৰ হাস্পতালত চিকিৎসা চলাই থকা হয় যদিও বৃহস্পতিবাৰে নিশা মৃত্যু ঘটে তেওঁৰ।

কপিল দেৱ কামতৰ মৃত্যুৰ ৰাজ্যখনত গভীৰ শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে আদি কৰি ভালেকেইজন নেতা-মন্ত্ৰীয়ে কপিল দেৱ কামতৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।