বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা, নিৰ্বাচনী প্ৰচাৰত মানিব লাগিব এই নিয়ম…

64

ডিজিটেল ডেস্কঃ কোৰোনা কালৰ মাজতে বিহাৰত অহা ২৮ অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ পিছত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক দলসমূহ। অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত ক্ৰমে ৩ আৰু ৭ নৱেম্বৰত। ১০ নৱেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

ইফালে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকল নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈ উঠাৰ সময়তে নিৰ্বাচনী প্ৰচাৰত কেতবোৰ নীতি-নিয়ম বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা এই নিয়ম কোনো প্ৰাৰ্থী বা ৰাজনৈতিক দলে উপেক্ষা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে বিহাৰ চৰকাৰে।

চৰকাৰে বান্ধি দিয়া ১১টা নিয়ম মানি চলি ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব পাৰিব।
১. প্ৰচাৰৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
২. সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব পাৰিব সকলো দলৰ সদস্যই।
৩. ২০০ জনতকৈ অধিক লোকৰ সমদলেৰে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ।
৪. প্ৰচাৰ সমদলত অংশ লোৱা সকলে পৰস্পৰে ৬ ফুট দূৰত্ব বৰ্তাই ৰাখিব লাগিব।
৫. মনোনীত প্ৰাৰ্থী বা দলৰ সদস্যই ইজনে আনজনক হাতত ধৰা বা সাৱটি ল’ব নোৱাৰিব। আনকি সাধাৰণ মানুহৰ পৰাও দূৰত্ব বৰ্তাই কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।
৬. নিৰ্বাচনী সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে উদ্যোক্তাসকলে সকলোবোৰ চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিব লাগিব। পেপাৰ নেপকিনো ৰাখিব লাগিব লগত।
৭. কোৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ টিভিৰ জৰিয়তেও নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব ৰাজনৈতিক দলসমূহে।
৮. অল ইণ্ডিয়া ৰেডিঅ’ বা দূৰদৰ্শনৰ মাধ্যমৰেও প্ৰচাৰ চলাব পাৰিব দলসমূহে।
৯. কিন্তু টিভি বা ৰেডিঅ’ৰ প্ৰচাৰ কেৱল বিহাৰতে সীমাবদ্ধ থাকিব। এনে প্ৰচাৰৰ বাবে কোনো ব্যয় কৰা নহ’ব।
১০. সকলো দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ডেৰ ঘণ্টা সময় বৃদ্ধি কৰা হৈছে।
১১. মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখৰ পৰা নিৰ্বাচনৰ দুদিন আগলৈকে কৰিব পাৰিব নিৰ্বাচনী প্ৰচাৰ।