কিছুমানে এটিএমলৈ দৌৰিছে, কিছুমানে বেংকলৈ দৌৰিছে! মুঠতে যোৱা দুদিনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহাৰৰ কাটিহাৰত। কাৰণ জিলাখনৰ দুগৰাকীকৈ স্কুলীয়া ছাত্ৰৰ বেংক একাউন্টত সোমাইছে কোটি কোটি টকা!
দৰাচলতে ছাত্ৰ দুয়োজনৰ উত্তৰ বিহাৰ গ্ৰামীণ বেংকত একাউণ্ট আছিল। চৰকাৰী আঁচনিৰ অধীনত বিদ্যালয়ৰ ইউনিফৰ্ম আৰু অন্যান্য ব্যয়ৰ বাবে কিছু ধন তেওঁলোকৰ একাউণ্টত সোমোৱাৰ কথা আছিল। গতিকে তেওঁলোকে বেংক একাউণ্টৰ ষ্টেটমেণ্ট পৰীক্ষা কৰিবলৈ তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে এটা চাইবাৰ কেফেলৈ যায়। কিন্তু ষ্টেটমেণ্ট দেখি হতবাক হৈ পৰে সকলো।
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আশীষৰ একাউণ্টত ৬.২ কোটি টকা সোমোৱাৰ বিপৰীতে ৯০০ কোটি টকা আন এজন ছাত্ৰ গুৰুচৰণ বিশ্বাসৰ একাউণ্টত সোমাইছে! দুই ছাত্ৰৰ একাউন্টত কোটি কোটি টকা সোমোৱাৰ কথাটো বিয়পিবলৈ বেছি সময় নালাগিল। কাটিহাৰ জিলা উপায়ুক্ত উদয়ন মিশ্ৰাই লগে লগে বেংকৰ শাখা প্ৰৱন্ধকক ফোন কৰি সবিশেষ অৱগত কৰায়। পিছদিনা বেংক খোলাৰ পিছত বিষয়টোৰ তদন্ত আৰম্ভ হয় যদিও দৰাচলতে বেংক ষ্টেণ্টমেণ্টতহে ইমানবোৰ টকা সোমোৱা দেখুৱায়। কিন্তু প্ৰকৃততে এটা টকাও ছাত্ৰ দুজনৰ একাউণ্টত সোমোৱা নাছিল!
শাখা প্ৰৱন্ধকে দাবী কৰা মতে কাৰিকৰী ক্ৰুটিৰ বাবেই এনে ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে, কিছুদিন পূৰ্বে বিহাৰৰ এখন গাঁৱৰ এজন লোকৰ একাউণ্টতো ভুলবশতঃ 5 লাখ টকা সোমাইছিল। কিন্তু সেই টকাখিনি ব্যক্তিজনে ঘূৰাই দিবলৈ অস্বীকাৰ কৰাত স্বাভাৱিকতে ব্যক্তিজন বৰ্তমান আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হৈছে।
