বিহাৰৰ জনতাই নিৰ্বাচিত কৰিছিল তেজস্বী যাদৱক, কিন্তু ক্ষমতাৰ অপপ্ৰয়োগ কৰি মুখ্যমন্ত্ৰী হল নীতিশ কুমাৰঃ বিজেপি নেতাৰ ভাষ্য

85

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ সন্দৰ্ভত মন্তব্য কৰি বিজেপিৰ ৰোষত পৰিল বিহাৰ বিজেপিৰ বিধান পাৰিষদ টুন্না পাণ্ডে। বুধবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লৈ আপত্তিজনক মন্তব্য কৰাৰ পিছতে আজি বিজেপি নেতাজনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই।

উল্লেখ্য যে, বুধবাৰে ৰাষ্ট্ৰীয় সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত বিজেপি নেতা টুন্না পাণ্ডেয়ে মন্তব্য কৰি কৈছিল যে নীতিশ কুমাৰ পৰিস্থিতিৰ দ্বাৰা পদ লাভ কৰা মুখ্যমন্ত্ৰীহে। তেওঁ লগতে কৈছিল, ‘নীতিশ কুমাৰ মোৰ নেতা নহয়। মই তেওঁলোকৰ মহামিত্ৰজোঁটৰো সদস্য নহওঁ। মই মাথো এগৰাকী বিজেপি নেতা। এনে সত্য স্বীকাৰ কৰাৰ বাবেই প্ৰাক্তন সাংসদ শ্বাহাবুদ্দিনে শাস্তি ভোগ কৰিবলগা হৈছিল।’

ইফালে ইয়াৰ মাত্ৰ এদিন পূৰ্বে টুন্না পাণ্ডেয়ে কৰা এটা টুইটতো নীতিশ কুমাৰক লৈ তীক্ষ্ণ মন্তব্য কৰিছিল। তেওঁ লিখিছিল, ‘বিহাৰৰ জনতাই তেজস্বী যাদৱক মতদান কৰি নিৰ্বাচিত কৰিছিল। কিন্তু চৰকাৰীৰ তন্ত্ৰৰ অপপ্ৰয়োগ কৰি নীতিশ কুমাৰে আজি শাসন চলাইছে।’