বিহাৰত মৰ্মান্তিক ঘটনা

72

বিহাৰত মৰ্মান্তিক ঘটনা৷ পানীত ডুবি ৪৬ গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৩৭টা শিশু৷ এতিয়াও সন্ধানহীন হৈ আছে ৩টা শিশু৷ বৃহস্পতিবাৰে জীৱিত পুত্ৰিকা উৎসৱৰ সময়তে ৰাজ্যখনৰ ভিন্ন স্থানত সংঘটিত হৈছে এই ঘটনা৷ সৰ্বমুঠ ১৫ খন জিলাৰ ভিন্ন স্থানত পানীত ডুবি শিশুৰ মৃত্যু৷ নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ অনুদান ঘোষণা নীতিশ চৰকাৰৰ৷ ২০২৩ চনতো সংঘটিত হৈছিল অনুৰূপ ঘটনা৷ য’ত মৃত্যু হৈছিল ২২ জনকৈ লোকৰ৷