বিহাৰত কোৰোনাৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে

64

ডিজিটেল ডেস্কঃ কোৰোনাৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে? বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে জাৰি কৰা ঘোষণাপত্ৰত এনডিএ চৰকাৰ গঠন হ’লে বিহাৰবাসীক বিনামূলীয়াকৈ কোৰোনা ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। বিজেপিৰ এই প্ৰতিশ্ৰুতিকলৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে। শাসকীয় চৰকাৰখনে কোৰোনা আৰু তাৰ প্ৰতিষেধকৰ নামত ৰাজনীতি কৰি নিৰ্বাচনী দেওনা পাৰ কৰাৰ প্ৰয়াস চলোৱা বুলিও অভিযোগ উত্থাপন কৰিছে বহুতে।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটেও এই লৈ বিজেপিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। বিহাৰ নিৰ্বাচনত বিজেপিৰ এনে প্ৰতিশ্ৰুতিয়ে প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি মন্তব্য কৰে সঞ্জয় ৰাউটে। তেওঁ লগতে কয় যে, বিজেপিয়ে কোৰোনাৰ প্ৰতিষেধকৰ নামত এনে ৰাজনীতি কৰিছে যেন যিসকলে বিজেপিক ভোট নিদিয়ে বা যিবোৰ ৰাজ্যত বিজেপিৰ চৰকাৰ নাই, তেনে লোক আৰু ৰাজ্যক কোৰোনা ভেকচিন প্ৰদান কৰা নহয়।

‘পূৰ্বতে কোৱা হৈছিল- তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। কিন্তু এতিয়া বিজেপিয়ে কৈছে- তুমি মোৰ ভোট দিয়া, আমি তোমাক ভেকচিন দিম। মোৰ বোধেৰে এয়া বিজেপিৰ নিকৃষ্ট ৰাজনীতি। বিশ্বজুৰি সংহাৰ চলোৱা কোৰোনা ভাইৰাছৰ নামত বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰাটো উচিত নহয়।’ -এই মন্তব্য কৰে সঞ্জয় ৰাউটে।