বিহালী কংগ্ৰেছত পুনৰ খহনীয়া

52

সমাগত বিধান সভা নিৰ্বাচন অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে ৯ মাৰ্চত মোনোনয়ন দাখিল অন্তিমটো দিন আছিল।

এতিয়া  ৰাজনীতি দল সমূহ ব্যস্ত সভা সমিতি অনুষ্ঠিত কৰাত। ইফালে অসমৰ আন আন সমষ্টিৰ লগতে  বিহালী ৭৭ নং  বিধান সভা সমষ্টিটো এতিয়া তৎপৰ  হৈছে  ৰাজনীতি দল সমূহ। এই বাৰ বিহালীত এজন নিদলীয় সহ চাৰিজন প্ৰাৰ্থীয়ে মোনোনয়ন দাখিল কৰিছে।

বিশেষকৈ ভাৰতীয় জনতা প্ৰাৰ্টী মোনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তই সমষ্টিৰ  বিভিন্ন অঞ্চলত দলীয় কৰ্মী সকলৰ সৈতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰা দেখা গৈছে ।  মন্ত্ৰী ৰঞ্জীৎ দত্তই বিহালীৰ বিভিন্ন  অঞ্চলত  নিৰ্বাচনী সভা অনুষ্ঠিত কৰা সভাত কংগ্ৰেছ আৰু চি পি এম এলৰ বহু  কৰ্মীয়ে বিজেপি দলত যোগদান কৰি আহিছে  ।আজি  তিনিসুঁটি অঞ্চলৰ কেইবাখনো নিৰ্বাচনী সভাত দুইশতাধিক কংগ্ৰেছ :চি পি আই এম এল দলৰ কৰ্মীয়ে   বিজেপিত  যোগদান কৰে।

কংগ্ৰেছ দলৰ মণ্ডল কংগ্ৰেছৰ সভাপতি  কৃষ্ণ চোব্বাৰ নেতৃত্বত ডেৰ শতাধিক  কংগ্ৰেছ আৰু অনন্য  কৰ্মীয়ে  বিজেপি দলত যোগদান কৰে।এই সভাত কৃষ্ণ চোব্বাই  সেই অঞ্চলৰ  সমস্যা সমুহ   সমাধানৰ অৰ্থে  দাবীপত্ৰ মন্ত্ৰী দত্তক প্ৰদান কৰে ।এই সমস্যা সমাধান কৰিব বুলি দত্তই আশ্বাস দিয়ে ।