বিহালীত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

306

বিহালীত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ, ভাঙি লণ্ড ভণ্ড কৰিলে ৩ টা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ, নষ্ট কৰিলে ভঁৰালৰ ধান।বিহালীত দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীৰ তাণ্ডৱত সন্ত্ৰস্ত হৈ আহিছে ৰাইজ। আজি পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা উলাই অহা প্ৰায় ৩০-৪০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত গাংমৌথান গাওঁ পঞ্চায়তৰ মাজগাওঁত সন্ত্ৰাস চলায় । হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত উলাই আহি মাজগাওঁ অঞ্চলৰ দিন হাজিৰাৰে পৰিয়াল পোহপাল দিয়া অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰেম প্ৰসাদ উপাধ্যায়, অমৰ বাহাদুৰ চাৰ্কি, ৰুচাল বিশ্বকৰ্মা ঘৰ, পাকঘৰ, গোহালি ভাঙি খাদ্য শস্য, আচবাব আদিৰ অনিষ্ট সাধন কৰে । সপোনৰ ঘৰখন হাতীয়ে ভঙা দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে পৰিয়াল কেইটাই । অতি দৰিদ্ৰ পৰিয়াল কেইটাৰ চৰকাৰ, প্ৰশাসন তথা পঞ্চায়ত প্ৰতিনিধিলৈ আহ্বান যাতে মৰমৰ ঘৰখন পুণৰ নিৰ্মানৰ ক্ষেত্ৰত কিছু হ’লেও সাহাৰ্য আগবঢ়াই ।