বিহপুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

266

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান।এইবাৰ লখিমপুৰ জিলাৰ বঙালমৰা আৰু বিহপুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ।লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বঙালমৰাত বৃহৎ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ উৎসাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ইতিমধ্যে সৰবৰাহকাৰীৰ পৰা জব্দ কৰিছে ৯৪ গ্ৰাম সন্দেহজনক হেৰ’ইন সহ ৮৮ টা কন্টেনাৰ ৷আৰু গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনি সৰবৰাহকাৰীক। গ্ৰেপ্তাৰ কৰিছে বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত মিৰি গাঁৱৰ পিন্টু বিশ্বাস আৰু বিটু ঠাকুৰ, আনহাতে বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগৰৰ ৮ নং ৱাৰ্ডৰ বিপ্লৱ দেৱনাথক।