ৰাজ্যৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ অংশগ্ৰহণৰে সজাগতামূলক ভিডিঅ আৰু পোষ্টাৰ মুকলি
ষ্টাফৰিপৰ্টাৰ,৩১ মে: বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামে সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ভিডিও আৰু পোষ্টাৰ মুকলি কৰি দেওবাৰে সজাগতা অভিযান চলায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱকে এই সজাগতা কাৰ্যসূচীত অংশ লয়। ৰাজ্যত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ ৰূপে নিষেধজ্ঞা আৰোপ কৰি যুৱ প্ৰজন্মৰ জীৱন ৰক্ষা কৰিবলৈ ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলে ৰাজ্য চৰকাৰক মুকলি আহ্বান জনাই কয় – “ধঁপাত সেৱনকাৰী সকলৰ কাৰণে এই খিনি সময়ে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ত্যাগ কৰাৰ উৎকৃষ্ট সময়। কাৰণ ৰাজহুৱা স্থানত থুউৱা আৰু ধঁপাত সেৱন কভিড-১৯ ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰি তোলে।” ছাত্ৰ আৰু অভিভাৱক সকলে ধঁপাত উদ্যোগ সমূহৰ বাণিজ্যিক কৌশলৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ আহ্বান জনাই কয়” ধঁপাত উদ্যোগ সমূহে সদায় নতুন প্ৰজন্মক নিজৰ সামগ্ৰী বিক্ৰীৰ বাবে লক্ষ্য হিচাবে লৈ আহিছে। প্ৰতিবছৰে বিশ্বত প্ৰায়ে ৮ মিলিয়ন লোক ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত মৃত্যু মুখত পৰে। বিশ্বত প্ৰতি বছৰে কৰ্কট ৰোগত যিমান লোকৰ মৃত্যু হয় তাৰে ২৫ শতাংশৰ মৃত্যুৰ কাৰণ ধঁপাত ব্যৱহাৰ। যিহেতু প্ৰতিবছৰে ৮ মিলিয়ন লোকৰ মৃত্যু ধঁপাত ব্যৱহাৰৰ ফলত হয় সেয়ে ধঁপাত কোম্পানী সমূহে এই ঠাই যুৱ প্ৰজন্মৰ দ্বাৰা পূৰণ কৰিবলৈ বিভিন্ন কৈশলৰ আশ্ৰয় লয়। বিশ্ব ধঁপাত বিৰোধী উপলক্ষে প্ৰস্তুত কৰা সজাগতামূলক ভিডিঅ আৰু পোষ্টাৰ মুকলি কৰি কনজিউমাৰ্চ লিগেল প্রটেক্টশ্বন ফৰামৰ সচিব অজয় হাজৰিকাই কয় ‘আমি সকলোৱে ধঁপাত মুক্ত প্ৰজন্মৰ বাবে যুঁজ দিব লাগিব। যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ ধঁপাত কোম্পানী সমূহে মাৰ্কেটিং আৰু বিজ্ঞাপনৰ নামত প্ৰতিবছৰে ৯ মিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰে। কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষা অনুসৰি সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ হাৰ ২১ শতাংশ ৰ অধিক। ৰাজ্যখনৰ ৬২.৯ শতাংশ পুৰুষ, ৩২.৯ শতাংশ মহিলা আৰু ৪৮.২ শতাংশ যুৱক-যুৱতীয়ে ধঁপাত সেৱন কৰে।”
