বিশ্ব অভিলেখৰ বাবে কলিয়াবৰত আখৰা আৰম্ভ

311

বিশ্ব অভিলেখৰ বাবে কলিয়াবৰত আখৰা আৰম্ভ । অহা ১৪ এপ্ৰিলত ১০ হাজাৰ বিহু নাচনী আৰু বিহুৱাই কপাব গুৱাহাটী সৰু সজাই ষ্টেডিয়াম । বিশ্ব অভিলেখ গঢ়ি গ্ৰীনিজ বুক অৱ ৰেকৰ্ডত খোদিত হব অসমৰ বিহু । তাৰবাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে ৰাজ্যত । কলিয়াবৰৰো ১০৫ গৰাকী নাচনী বিহুৱা শিল্পীয়ে ভাগ লব এই অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানত । কলিয়াবৰৰ এগৰাকী সাংবাদিকেও সংগ দিব এই দলটোক ।তাৰবাবে কলিয়াবৰত পূৰ্ণোদ্যমে চলিছে আখৰা ।স্থানীয় প্ৰশাসনৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে শিবিৰ । ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা এই শিবিৰৰ সামৰণি পৰিব ৩১ মাৰ্চত । এক এপ্ৰিলত জিলা ভিত্তিক আখৰা আৰম্ভ হব নগাওঁ ত । ৮ এপ্ৰিলত দলটি গুৱাহাটীলৈ যাব আৰু ১৪ এপ্ৰিলত পৰিবেশন কৰিব বিহু । অভিলেখ গঢ়াৰ এই অনুষ্ঠানটিত কলিয়াবৰৰ নাম উজ্বলাবৰ বাবে শিল্পী সকলে হিয়া উজাৰি আখৰাত ব্যস্ত হৈ পৰিছে।