ষ্টাফৰিপোৰ্টাৰ, ১৬ এপ্ৰিল : বিশ্বহিন্দু পৰিষদৰ উদ্যোগত গুৱাহাটীত বতৰ্মান পৰিস্থিতিত “যুদ্ধকালিন তৎপৰতাত প্ৰশাসনিক বিভাগৰ বিষয়াৰ পৰা চিপাহিলৈকে দেশ সেৱাত নিয়োজিত ব্যক্তিসকলক মঙলবাৰে ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। প্ৰশাসনিক বিষয়াৰ বাহিৰেও চিকিৎসা কৰ্মীকো সম্বৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী দীনেশ তিৱাৰী, উত্তৰ পূৰ্বৰ সহকাৰী সম্পাদক বিধান চন্দ্ৰ দেৱৰায়, বজৰং দলৰ সংযোজক প্ৰসেনজিত সাহা আৰু পৰিষদৰ প্ৰচেন কোচ।