বিশ্বনাথ চাৰিআলি গলিয়াৰ সমন্বয় সাধক হৰি গজুৰেল ক্ষেত্ৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম নেপালী সাহিত্য সভাৰ ১৫সংখ্যক মহাধিৱেশন।
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মূল পতাকা উত্তোলন কৰে অসম নেপালী সাহিত্যৰ সভাপতি দূৰ্গা খটিয়ৰাই। একে সময়তে সাহিত্য সভাৰ ৪৮ বৰ্ষপুতি উপলক্ষ্যে ৪৮খন পতাকা উত্তোলন কৰে বিশ্বনাথৰ বিভিন্ন দল-সংগঠন নেতৃবৃন্দ তথা বিশিষ্ট ব্যক্তিসকলে৷
ইয়াৰ পিছতে স্মৃতি তৰ্পন আৰু অনুষ্ঠানৰ শুভাৰম্ভ কৰে সাংস্কৃতিক সাধক প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰাপক বিনোদ খনালে৷ বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সভাপতি উদয় নাৰায়ণ গৌতমে৷
