বিশ্বনাথ চাৰিআলিত এখন ৰে’লৰ এটা ডবাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।
গুৱাহাটী-নাহৰলগুন ডনিপোলো এক্সপ্ৰেছৰ এটা ডবাত অচেতন হৈ পৰি আছিল লোকজন।
ৰে’ল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে লোকজনক।
আৰ পি এফে লোকজনক কঢ়িয়াই বিশ্বনাথ মহকুমা চিকিৎসালয়লৈ লৈ যায় আৰু তাৰ পিছত স্বাস্থ্য কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে।
নিহত লোকজনৰ নাম খগেন হাজৰিকা। বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ হাতীবন্ধা গাঁৱৰ বাসিন্দা।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
