বিশ্বনাথত শিশু বলাৎকাৰীৰ মুখত চূন সানি, চেণ্ডেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে

78

বিশ্বনাথৰ কাঠনিবাৰীত শিশু বলাৎকাৰৰ অভিযোগত অভিযুক্ত এজনক মুখত চূন সানি, চেণ্ডেলৰ মালা পিন্ধাই গাঁও ঘূৰালে ৰাইজে।

অভিযোগ অনুসৰি, মহিম শৰ্মাৰ নামৰ ৬০ বছৰীয়া লম্পট জনে ঘৰৰ ওচৰৰে এগৰাকী ৭ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল। শুকুৰবাৰে সমনীয়াৰ সৈতে খেলি থকা শিশুটিক ফুচুলাই মাতি আনি অপকৰ্ম সংঘটিত কৰা লম্পটজনে শনিবাৰেও যেতিয়া শিশুটিক ফুচুলাই মাতি নিয়াৰ চেষ্টা চলায়, তেতিয়া শিশুটিয়ে লম্পটজনৰ বিষয়ে মাতৃৰ আগত সকলো কথা বিৱৰি কয়।

তাৰ পিছতে শিশুটিৰ পৰিয়ালে দেওবাৰে গাওৰক্ষী বাহিনীক এই বিষয়ে অৱগত কৰাত লম্পট মহিম শৰ্মাৰ মুখত চূন সানি, চেণ্ডেলৰ মালা পিন্ধাই গাঁৱৰ সকলোৱে গাঁওখন ঘূৰায়। ঘটনা সন্দৰ্ভত জানিব পাৰি জিনজিয়া আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি লৈ আহে।