বিশ্বনাথত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজনক আটক

107

ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হৈছে। কিন্তু তাৰ মাজতে একাংশই আৰক্ষীৰ চকুত ধূলি দি বৰ্তমানো এনে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় আৰু সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা কৰি আছে। শেহতীয়াকৈ বিশ্বনাথৰ ধুলি চাহ বাগিচাত আৰক্ষীয়ে অভিযান চলাই তেনে অবৈধ ব্যৱসায়ৰে জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ পম খেদি বালিচাং আৰক্ষী চাওনিৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে সোমবাৰে নিশা আকস্মিক অভিযান চলাই ধুলি চাহ বাগিচাৰ ২ নং লাইনৰ পৰা ২.৩ কেডি ওজনৰ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। এই গাঞ্জাৰ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বিমল চবৰ আৰু অমিত বিভাৰ নামৰ দুজন লোকক আটক কৰে।