বিশ্বনাথত দুধৰ্ষ চোৰাং গঁড় চিকাৰী বাছাক গ্ৰেপ্তাৰ…

149

গুৱাহাটীঃ বিশ্বনাথত গ্ৰেপ্তাৰ আন এজন দুধৰ্ষ চোৰাং গঁড় চিকাৰী।

বিশ্বনাথ আৰু বঙাইগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই শনিবাৰে গ্ৰেপ্তাৰ কৰে চোৰাং গঁড় চিকাৰীজনক।

অভিযুক্তজনক বিশ্বনাথৰ আদাভেটিৰ আতাউৰ ৰহমান ওৰফে বাছা বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে আব্দুল মাটিন নামৰ আন এজন “মষ্ট ৱাণ্টেড” গঁড় চিকাৰীক প্ৰায় এবছৰৰ তালাচীৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

দৰং জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাটিনক।