বৃহস্পতিবাৰে পুৱাৰে পৰা আৰক্ষীৰ লোকে বিশ্বনাথৰ আমবাৰীত সাধাৰণ পোছাকত ড্ৰাগছ পেদলাৰৰ বিৰুদ্ধে অভিযান চলায়। পূৰ্বৰে পৰা পোৱা তথ্যৰ ভিত্তিত পুৱাৰে পৰা খাপ পিতি থকা আৰক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ আমবাৰীত ড্ৰাগছসহ এজন পেডলাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
পংকজ গুপ্তা নামৰ যুৱকজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ঘৰৰ সন্মুখতে ৰাজপথত হাতে লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যুৱকজনৰ পৰা উদ্ধাৰ হৈছে চাৰিটা ড্ৰাগছৰ কন্টেইনাৰ ৷ ড্ৰাগছ আসক্ত যুৱকক বিক্ৰী কৰিবলৈ যোজা চলাই থাকোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ জব্দ কৰা ড্ৰাগছখিনি হেৰ’ইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা হেৰ’ইন খিনিৰ ওজন ছয় গ্ৰাম ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা আন এজন যুৱকে আৰক্ষীক দেখা পাই পলায়ন কৰে ৷
বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অঞ্চলটোৰ আন কেইবাগৰাকীও যুৱক ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে ৷ ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলা আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়ে ৷
