বিশ্বনাথত কোভিড বিধি উলংঘাকাৰী যুৱকৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি

58

কণ্টেইনমেন্ট জ’ন হিচাপে চৰকাৰে ঘোষণা কৰা বিশ্বনাথ জিলাত কোভিড প্ৰট’কল ভংগকাৰী যুৱকৰ উদ্ভাণ্ডালিয়ে চকু কপালত তুলিছে সচেতন মহলৰ। বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইণ্টত এজন যুৱকে কেৱল কোভিড প্ৰট’কল উলংঘা কৰাই নহয়, বৰঞ্চ আৰক্ষীৰ সন্মুখতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়ে।

ঘটনা অনুসৰি, বিশ্বনাথ চাৰিআলি চহৰৰ পুলিচ পইণ্টত কোভিড বিধি উলংঘা কৰা লোকৰ ওপৰত নজৰ ৰাখি আৰক্ষীয়ে কৰ্তব্য পালন কৰি থকাৰ সময়তে সেই স্থানত উপস্থিত হয় মাস্ক পৰিধান নকৰা এজন যুৱক। যুৱকজনক আৰক্ষীয়ে মাস্ক পৰিধান কিয় কৰা নাই বুলি প্ৰশ্ন কৰাৰ লগে লগে আৰক্ষীৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয় পৰে দেৱজিত দাস নামৰ যুৱকজন। ‘কোভিড নাই, সেয়ে মাস্ক পৰিধান নকৰো’ আই ড’ণ্ট কেয়াৰ’ আদিৰে আৰক্ষীৰ সৈতে বাকযুদ্ধত লিপ্ত হোৱাৰ লগতে যুৱকজনে ‘পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ’ ধ্বনি দিয়ে।

ইফালে ‘মই কোভিড ডিউটি পালন কৰি আহিছো’ বুলি পকেটৰ পৰা কাগজ এখন উলিয়াই আৰক্ষীক উভতি ধৰিবলৈ চেষ্টা কৰে দেৱজিত দাস নামৰ যুৱকজনে। পিছত আৰক্ষীয়ে যুৱকজনক গাড়ীত উঠাই থানালৈ আনিবলৈ চেষ্টা কৰাতো যুৱকজনে ‘মই এছ পিক জনাম, ডি চিক জনাম’ আদি ভাবুকি প্ৰদান কৰে। পিছত আৰক্ষীয়ে কোনোমতে গাড়ীত উঠাই যুৱকজনক থানালৈ লৈ যায়।

বিশ্বনাথ চাৰিআলিৰ মাজ মজিয়াত এনে আইন উলংঘাকাৰী যুৱকৰ উদ্ভাণ্ডালিয়ে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিশ্বনাথ জিলাত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনক কণ্টেইনমেন্ট জ’নৰূপে ঘোষণা কৰিছে চৰকাৰে।