বিশ্বনাথত এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত শিশু বলাৎকাৰী

63

বিশ্বনাথত এনকাউণ্টাৰ।

এইবাৰ শিশু বলাৎকাৰীলৈ আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীবিদ্ধ বলাৎকাৰী মহিম শৰ্মা।

উল্লেখ্য যে, বিশ্বনাথৰ কাঠনিবাৰীত এটি ৭ বছৰীয়া শিশুক ফুচুলাই নি অপ কৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৬০ বছৰীয়া মহিম শৰ্মাৰ বিৰুদ্ধে।

ইয়াৰ পিছতে শনিবাৰে স্থানীয় ৰাইজে লম্পটজনৰ মুখত চূন সানি, চেণ্ডেলৰ মালা পিন্ধাই বিহিছিল শাস্তি।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে নিশা পলায়নৰ চেষ্টা চলায় লম্পট মহিম শৰ্মাই।

যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।