বিশ্বখনিকৰৰ আৰাধনাত মুখৰিত ৰাজ্যৰ আকাশ-বতাহ…

228

আজি নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মাৰ আৰাধনাৰে মুখৰিত হৈছে আকাশ বতাহ। পুৰোহিতৰ মন্ত্ৰধ্বনি আৰু বন্দনাৰে আজি দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনাত নিমগ্ন হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসলক। বিশ্বকৰ্মা পূজা উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ।

জনবিশ্বাস অনুসৰি, এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। বিশ্বখনিকৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততাই বিৰাজ কৰিছে।

কালিৰে পৰা ধুই পখালি চিকুণাই তোলা হৈছে কল-কাৰখানাৰ যন্ত্ৰ। ইতিমধ্যে, বিশ্ব খনিকৰৰ আৰাধনা আৰম্ভ হৈছে।

বিশ্বকৰ্মা পূজা উপলক্ষে পূৰ্বোত্তৰ অসমীয়াৰ পৰিয়ালৰ তৰফৰ পৰাও সকলোকে জ্ঞাপন কৰিছো অলেখ শুভেচ্ছা।