বিশিষ্ট সাংবাদিক প্ৰকাশ ঝাৰ দেহাৱসান

60

ষ্টাফৰিপৰ্টাৰ, বিশিষ্ট সাংবাদিক প্ৰকাশ ঝাৰ দেহাৱসান শনিবাৰে নিশা ঘটে। প্ৰকাশ ঝাৰ মৃত্যুত প্ৰেছ ক্লাব অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা মৃত্যু বৰণ কৰা বিশিষ্ট সাংবাদিক প্ৰকাশ ঝাৰ মৃত্যুত দিছপুৰ প্ৰেছ ক্লাব আৰু “জাফা” ই গভীৰ শোক প্ৰকাশ কৰি শোকাকুল পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ঝাৰ বিয়োগত গুৱাহাটী প্ৰেছ ক্লাৱৰ শোক প্ৰকাশ কৰিছে। দৈনিক পূৰ্বোদয় তথা পূৰ্বাঞ্চল প্ৰহৰীৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা প্ৰকাশ ঝা আৰু নাই। শনিবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকজনে। সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰকাশ ঝাই আগবঢ়োৱা কৰ্মৰাজি নতুন প্ৰজন্মৰ বাবে হওক পাথেয়।
জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ঝাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা
জ্ঞাপন কৰে বুলি এক বিবৃতি যোগে কয় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি
মনোজ কুমাৰ নাথ, সম্পাদক
সঞ্জয় ৰায়ে।