বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, নৱগ্ৰহত শেষকৃত্য

267

মঙলবাৰে নিশা ১০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰে। নিশাটো নেমকেয়াৰ হাস্পতালতে ৰখাৰ পিছত আজি নিজৰ বাসগৃহত নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব। বিশিষ্ট শিল্পীগৰাকীয়ে শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ ১ জানুৱাৰীৰ পৰা নেমকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল।

ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। শিল্পী গৰাকীয়ে যোৰহাটত শৈশৱ পাৰ কৰিছিল। মৃত্যুৰ সময়ত শিল্পীগৰাকীয়ে ইহ সংসাৰত এৰি থৈ যায় পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক।

ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া। সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী হিচাপে অনন্য আছিল শিল্পী ভূপেন উজীৰ। ২০ খনৰো অধিক ছবিত তেওঁ সংগীত পৰিচলনা কৰিছিল। জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। পত্নী শান্তা আৰু ভূপেন উজীৰৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান। সংগীত পৰিচালক জিতু তপনৰ দ্বাৰা পৰিচালিত অৰ্কেষ্ট্ৰা গীটাৰ বজাইছিল ভূপেন উজীৰে। প্ৰসিদ্ধ সংগীতজ্ঞ ইন্দ্ৰেশ্বৰ শৰ্মাৰ অনুপ্ৰেৰণাত সংগীত জগতত সৱল খোজ দিবলৈ সক্ষম হয় উজীৰে।

উল্লেখ্য যে, তেওঁ ভাৰতীয় খাদ্য নিগমত চাকৰিত যোগদান কৰিলেও সংগীতৰ সাধনা এৰি দিয়া নাছিল। এসময়ত সংগীত যাত্ৰা ব্যাহত হোৱাৰ বাবে FCIৰ চাকৰি ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে। গীতানগৰৰ ভাড়াঘৰত ভূপেন উজীৰে আৰম্ভ কৰিছিল অডিটেক নামৰ নিজৰ ষ্টুডিঅ’টো। এটা ছেকেণ্ডহেণ্ড শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেওঁ অডিটেক আৰম্ভ কৰিছিল।

অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে। এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰ ডাঙৰীয়াৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে উজীৰ ডাঙৰীয়াৰ শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।