বিশিষ্ট লিপিবিদ, লেখক যতীন গোস্বামীৰ মৃত্যু।
বুধবাৰে পুৱা নৱগ্ৰহস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে গোস্বামীয়ে।
অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল গোস্বামী।
অসম সাহিত্য সভাৰো প্ৰাক্তন উপ-সভাপতি আছিল তেওঁ।
স্বাধীনতা সংগ্ৰামী গোস্বামীয়ে কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল।
ইয়াৰ উপৰিও অসমীয়া ভাষাৰ লিপিক লৈ প্ৰণালিবদ্ধ অধ্যয়ন কৰিছিল তেওঁ।
গোস্বামীৰ মৃত্যুত ৰাজ্যৰ বিদ্বৎ মহলত গভীৰ শোকৰ ছাঁ পৰিছে।