বিশিষ্ট নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ দেহাৱসান

148

ৰাজ্যৰ বিশিষ্ট নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বৰ্ষীয়ান নৃত্যশিল্পীগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৪৫ বজাত নিজৰ উলুবাৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

নৃত্যশিল্পীগৰাকাৰী বিয়োগৰ খবৰে মৰ্মাহত কৰিছে তেওঁৰ অগণন অনুৰাগীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও গৰিমা হাজৰিকাৰ দেহাৱসানত গভীৰ শোক ব্যক্ত কৰে।

উল্লেখ্য যে, সুদীৰ্ঘ কাল সত্ৰীয়া আৰু ওডিচী নৃত্যৰ সাধনা কৰি অহা গৰিমা হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩ বছৰ। নৃত্য জগতলৈ তেওঁ আগবঢ়োৱা অবদানৰ বাবে ২০০৬ চনত তেওঁক সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।

বিগত দুই বছৰ ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ শয্যাশায়ী হৈ আছিল নৃত্য পটিয়সী গৰিমা হাজৰিকা। তেওঁৰ বিয়োগত মৰ্মাহত হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতখন।