বিশিষ্ট ট্ৰেড ইউনিয়ন নেতা প্ৰিয়গুপ্তৰ ৯৯ সংখ্যক জন্মবাৰ্ষিকী পালন

73

ষ্টাফৰিপৰ্টাৰ, এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন (এ.আই.আৰ.এফ) ৰ প্ৰাক্তন সভাপতি প্ৰিয়গুপ্তৰ ৯৯ সংখ্যক জন্মবাৰ্ষিকী মঙলবাৰে সমগ্ৰ দেশৰ লগতে মালিগাঁৱতো পালন কৰা হয় । ১৯৪২ চনত তেতিয়াৰ বেঙ্গল-আচাম ৰেলৱেত এচিচটেণ্ট ইলেকট্ৰিকেল ফ’ৰমেন হিচাবে যোগদান কৰা প্ৰিয়গুপ্তই গোটেই জীৱনটো ৰেল কৰ্মী আৰু ৰাইজৰ সেৱাত ব্ৰতী হৈ আছিল । তেওঁ ১৯৬০, ‘৬৮, ‘৭৪ ৰ ঐতিহাসিক ৰে’ল আন্দোলনৰ নেতৃত্ব দিছিল । ৰেল কৰ্মীৰ সমস্যা সমূহ সজোৰে উপস্থাপন কৰাৰ বাবে ৰেল কৰ্মীসকলে ১৯৬২ চনত কাটিহাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্বাচনত প্ৰিয়গুপ্তক অৱতীৰ্ণ কৰোৱাই সাংসদ হিচাপে নিৰ্বাচিত কৰাইছিল । প্ৰিয়গুপ্তই সংসদত শ্ৰমিকৰ সমস্যা সমূহ সজোৰে উথ্যাপন কৰিছিল ।তেওঁ সংসদত অসমীয়া ভাষাত ভাষণ দি সকলোৰে দৃষ্টিগোচৰ কৰিছিল। ১৯৭৯ চনৰ ১২ আগষ্টত তিনিচুকীয়াত অনুষ্ঠিত এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ এখন সভাত অংশ লবলৈ যাওঁতে ইহলীলা সম্বৰণ কৰে। এন.এফ.ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই মঙলবাৰে প্ৰিয়গুপ্তক শ্মৰণ কৰি কয়, প্ৰিয়গুপ্ত এগৰাকী সৎ, সাহসী আৰু আপোচবিহীন নেতা আছিল । তেওঁ গোটেই জীৱন শ্ৰমিকৰ হকে কাম কৰি কৰি নিজৰ বাবে এখন সংসাৰ কৰাৰ প্ৰয়োজনো অনুভৱ নকৰিলে । তেনে এগৰাকী নেতাক ৰে’ল শ্ৰমিকে কেতিয়াও পাহৰিব নোৱাৰে।’