বিশিষ্ট ছবি পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

119

অসমীয়া চলচ্ছিত্ৰৰ বিশিষ্ট পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি হেঙেৰাবাৰীস্থিত হাউছিং কলনীৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ বিশিষ্ট পৰিচালকগৰাকীৰ।

উল্লেখ্য যে, এক পথ দুৰ্ঘটনাত পতিত হৈ কেইবাবছৰ পূৰ্বে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল গুণসিন্ধু হাজৰিকাই।

তৰামাই, নয়ণমনি, সন্ধ্যাৰাগ, মণিৰাম দেৱান আদিৰ দৰে অসমীয়া ছবিৰ লগত তেওঁ জড়িত আছিল।

তদুপৰি অনিৰ্বাণ, ললিতা, আদালত, মৰমী আদি ছবিত সহঃ পৰিচালক হিচাপে তেওঁ কাম কৰিছিল।

পৰৱ্তী সময়ত হাজৰিকাই অবুজ বেদনা নামৰ অসমীয়া ছবিখনো পৰিচালনা কৰিছিল।

এইগৰাকী বিশিষ্ট ছবি পৰিচালকৰ বিয়োগত মৰ্মাহত হৈ পৰিছে ৰাজ্যৰ চলচ্ছিত্ৰ জগত।