ষ্টাফৰিপোৰ্টাৰ, ২২ মে’: গুৱাহাটীৰ হেঙেৰাবাৰী নিৱাসী বিশিষ্ট চিকিৎসক ডাঃ মুনীন্দ্ৰ চন্দ্ৰ দত্তৰ শুকুৰবাৰে পুৱা ৪.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বিগত কিছুদিন ধৰি অসুস্থতাত ভূগি থকা দত্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৫ বছৰ। চাংসাৰিৰ ওচৰৰ মানাৰা গাঁৱৰ প্ৰয়াত অমৃত দত্ত আৰু প্ৰয়াত গিৰীবালা দত্তল কনিষ্ঠ পুত্ৰ ডাঃ দত্তই গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ চিকিৎসালয়ত সেৱা আগবঢ়াইছিল। দুখীয়া ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা বাবে তেওঁ এচাম ৰোগীৰ মাজত অতি জনপ্ৰিয় আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী ছন্দৰেখা দত্ত, পুত্ৰ যুৱজিৎ আৰু কন্যা অন্বয়াৰ লগতে আত্মীয়-স্বজনক এৰি যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে।