বিশিষ্ট আইনজ্ঞ তথা ক্ৰীড়া সংগঠক নিলয় দত্তই দেওবাৰে পূৱতিনিশা শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াত যথেষ্ট ত্যাগ স্বীকাৰ কৰা বিশিষ্ট ব্যক্তিগৰাকীৰ বিয়োগত শোকবিহ্বল হৈ পৰিছে তেওঁৰ অগণন গুণমুগ্ধ।
কৰ্ণাটকৰ কোৰ্গত থকা অৱস্থাত হৃদযন্ত্ৰ বিকল হৈ শেষ নিশ্বাস ত্যাগ কৰে নিলয় দত্তই। তেওঁৰ শেষ কৃত্য কৰ্ণাটকতে সম্পন্ন হব বুলি জানিব পৰা গৈছে।