বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ বিয়োগ

1526

ভ্ৰাম্যমান জগতৰ জনপ্ৰিয় অভিনেতা পংকজ পূজাৰী আৰু নাই। বুধবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

দুৰদৰ্শনৰ ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰত বলিষ্ঠ অভিনয়ৰে দৰ্শকক মোহাচন্ন কৰি অহা বিশিষ্ট অভিনেতাগৰাকী কিডনীজনিত কাৰণত হাস্পতালত চিকিৎসাধীন হৈ আছিল।

বিশিষ্ট অভিনেতা পংকজ পূজাৰীৰ অকাল বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।