বিশিষ্ট অভিনেতা, নাট্যকাৰ-পৰিচালক প্ৰদীপ শৰ্মাৰ স্মৃতিচাৰণ, স্মৃতিগ্ৰন্থ “প্ৰদীপ অৰ্ঘ” উন্মোচন

304

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “নাট্যকাৰে নাটক এখন ৰচনা কৰে। নাটকৰ চিন্তা-চৰ্চা, অভিনেতা-অভিনেত্ৰীৰ পৰিস্ফূত অভিনয়ে নাটখনি সফল কৰি তোলে। নাটক এখনৰ সফল মঞ্চায়নৰ ক্ষেত্ৰত অভিনয়ত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তেতিয়াহে নাটকখনি মঞ্চস্থৰ ক্ষেত্ৰত সফল হ’ব। সদ্য প্ৰয়াত অভিনেতা নাটকত প্ৰদীপ শৰ্ম্মাই প্ৰাণ ঢালি অভিনয় কৰিছিল।” -এই মন্তব্য প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক-শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ।

স্বেচ্ছাসেৱী অনুষ্ঠান “ফ্ৰেণ্ডচ.-এ হেল্পিং হেণ্ড”ৰ উদ্যোগত মংগলবাৰে নগাঁও জিলাৰ বেবেজীয়া যুৰীয়া নামঘৰৰ সমীপৰ সদ্যপ্ৰয়াত অসম আন্দোলনৰ নেতা, বিশিষ্ট অভিনেতা, নাট্যকাৰ-পৰিচালক প্ৰদীপ শৰ্মাৰ স্মৃতিচাৰণ সভাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “প্ৰদীপ অৰ্ঘ” উন্মোচন কৰি উন্মোচক প্ৰাক্তন মন্ত্ৰী, শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে এজন ব্যক্তিৰ নামত প্ৰকাশ পোৱা এখনি স্মৃতিগ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজিৰ লগতে বংশ মৰ্যদাৰ পৰিচয় দাঙি ধৰে।

ব্যক্তিগৰাকীৰ জীৱন দৰ্শনে সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰে। প্ৰয়াত প্ৰদীপ শৰ্মাৰ বাসগৃহত আয়োজিত বিশিষ্ট অভিনেতা তথা স্বেচ্ছাসেৱী অনুষ্ঠান “ফ্ৰেণ্ডচ–এ হেল্পিং হেণ্ড”ৰ সভাপতি ৰাজেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে কয় যে মৃত্যু যদিও দুখকৰ আৰু বেদনাদায়ক,অৱশ্যাম্ভৱী এই মৃত্যু মানৱ জীৱনত সদায় বন্দিত।

সদ্য প্ৰয়াত প্ৰদীপ শৰ্মাই নাট্যজগতত নিজে প্ৰজ্বলিত হোৱাৰ লগতে উঠি অহা চামক নাটকৰ যোগেদি আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিছিল। স্বেচ্ছাসেৱী অনুষ্ঠান “ফ্ৰেণ্ডচ- এ হেল্পিং হেণ্ড”ৰ সম্পাদক ললিত চন্দ্ৰ বেজবৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত বেবেজীয়া পণ্ডিত কনক শৰ্মা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰা,প্ৰাক্তন উপাধ্যক্ষ বাণীকান্ত শৰ্মা, সমাজকৰ্মী-সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, “ফ্ৰেণ্ডচ”ৰ উপদেষ্টা গিৰীশ বৰা আৰু শংকৰী কলাকৃষ্টিৰ সাধক অনন্ত হাজৰিকাই প্ৰয়াত প্ৰদীপ শৰ্মাৰ জীৱন দৰ্শন আলোকপাত কৰাৰ লগতে অতীত স্মৃতি ৰোমন্থণ কৰে।

বিশিষ্ট কবি তথা শাস্ত্ৰজ্ঞ নৰেন চন্দ্ৰ নাথে এটি কবিতা পাঠ কৰি সভাৰ কাব্যিক মাত্ৰা প্ৰদান কৰে। প্ৰায় তিনি শতাধিক ব্যক্তি উপস্থিত থকা সভাখনিত পৰিয়ালৰ তৰফৰ পৰা কনিষ্ঠ ভাতৃ অজিত শৰ্মা, যতীন্দ্ৰ শৰ্মা, ভাই বোৱাৰী বিউটি বেজবৰুৱা শৰ্মাৰ লগতে সমজুৱাৰ তৰফৰ পৰা প্ৰদ্যুন্ম গোস্বামীয়েও ভাষণ আগবঢ়ায়।

উল্লেখ্য যে আৰম্ভণিতে অভিনেতা ৰাজেন শৰ্মাই প্ৰয়াত প্ৰদীপ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা আৰু সাংবাদিক দেৱজিৎ হাজৰিকাই আঁত ধৰা সভাখনিত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বকুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰতিকান্ত শৰ্মা, প্ৰবীণ শিল্পী গম্ভীৰ নাথ, নবীন বেজবৰা, নাৰায়ণ হাজৰিকা, ভূমিধৰ শৰ্মা, দিপ্তী খাটনিয়াৰ, নাট পৰিচালক দিলীপ লস্কৰ, অভিনেতা দীপ বৰা, শিক্ষক জিতু বৰা, মহেশ্বৰ হাজৰিকা, লক্ষী নাৰায়ণ বৰা, “ৰ’দঘাই বেবেজীয়া”ৰ সম্পাদক ৰঞ্জন হাজৰিকা, ভূৰাগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰিপুঞ্জয় শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি তথা পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।