ষ্টাফ ৰিপোৰ্টাৰ: বিশাখাপট্টনমৰ গেছ ট্ৰেজেদীৰ মৰ্মন্তুদ দৃশ্য। নিশা উশাহ ল’ব নোৱাৰি অ’ত-ত’ত ঢলি পৰা অসংখ্য অচেতন মানুহক হাস্পতালত ভর্তি। আক্ৰান্তৰ মাজত আছে অসংখ্য শিশু। এই পৰ্যন্ত মৃত্যু হোৱা ৮জন লোকৰ ভিতৰত দুটি শিশু আছে। মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা। ৫০০০ৰো অধিক লোক আক্ৰাশ্ত।
বিশাখাপট্টনমৰ গেছ ট্ৰেজেদীৰ তদন্তৰ কথা ঘোষণা অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ। বিষাক্ত গেছৰ দ্বাৰা আক্ৰান্ত মুঠ ৮০০ জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান পৰিস্হিতি নিয়ন্ত্ৰণাধীন বুলি উল্লেখ কৰি অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানে জনায় অসুস্থ সকলক অতিৰিক্ত পানী খুৱাই আৰু অন্যান্য স্বাস্থ্য সংক্ৰান্তীয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি সুস্থ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। দুই শিশুসহ ৮জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে।