বিলাসীপাৰাৰ লক্ষীগঞ্জ পাইকানডাৰাত কণমানি পুত্ৰৰ সন্মুখতে ডকাইতে হত্যা কৰিলে পিতৃ-মাতৃক

75

বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত লক্ষীগঞ্জ পাইকানডাৰা ২য় খণ্ড গাঁৱত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা গাঁওখনৰ জাকিৰ হুছেইন আৰু আচমা বেগমৰ বাসগৃহত ঘৰৰ খিৰিকী ভাগি এটা ৪-৫জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি ৯ বছৰীয়া পুত্ৰৰ সন্মুখতে পিতৃ-মাতৃক হত্যা কৰি নগদ ধনসহ সোণ-ৰূপৰ আ অলংকাৰ লুটি লৈ যায়।

জানিব পৰা মতে, পেছাত বিজ্ঞানৰ শিক্ষক আছিল জাকিৰ হুছেইন। আনহাতে তেওঁৰ পত্নী আচমা বেগম আছিল চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী নাৰ্চ। ইফালে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ দুটা মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে |

ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি কোভিড বিধিকো উলংঘা কৰি শ শ উৎসুক জনতাই ভিৰ কৰে ঘটনাস্থলীত আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি ফাঁচিৰ দাবী তোলে|